Local, Vocal, Global

Bongaigaon News: বঙাইগাঁৱত জব্দ বুজন পৰিমাণৰ চোৰাং তেল

বঙাইগাঁও,১২ফেব্ৰুৱাৰী : বঙাইগাঁও চহৰৰ সমীপৰ বৌদি বজাৰত ৰাইজৰ সহযোগত বঙাইগাঁও আৰক্ষীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ চোৰাং তেল। আবেদ আলী নামৰ লোকজন ঘৰৰ পৰা জব্দ কৰে চোৰাং তেল। AS 26 C 7817 নম্বৰৰ এখন বাহনৰ পৰা জব্দ কৰা হৈছে ডিজেল ভৰ্ত্তি ড্ৰাম(Bongaigaon News)।

তাৰ সমান্তৰালকৈ আবেদ আলীৰ বাসগৃহতো পোৱা গৈছে তেল ভৰ্তি বহু কেইটা ড্ৰাম। দীৰ্ঘ দিনৰ পৰা এটা তেল চুৰি চক্ৰৰ গেংঙে এই চুৰি কাৰ্য্য সংঘটিত কৰি অহা বুলি অভিযোগ কৰে ৰাইজে ।

ৰাইজে অভিযোগ কৰা মতে ভাৰতীয় ৰেলৰ পৰা এই তেল চুৰি কৰাৰ অভিযোগ।বৰ্তমান তেল চুৰি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বঙাইগাঁও আৰক্ষীয়ে । বঙাইগাঁও সদৰ আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । এই বৃহৎ তেল চুৰিৰ লগত কোন কোন লোক জড়িত আছে সেই দিশত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক :Massive fire breaks out in Lumding: লামডিঙত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত চাৰিটাকৈ ৰেলৱে আৱাস গৃহ