Local, Vocal, Global

Massive fire breaks out in Lumding: লামডিঙত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত চাৰিটাকৈ ৰেলৱে আৱাস গৃহ

লামডিং,১২ফেব্ৰুৱাৰী: লামডিঙত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড ৷ লামডিং হৰুলংফাৰ লাষ্ট ক’লনিৰ চাৰ্জ ৰ’ডত সংঘটিত হয় ঘটনাটো৷

অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ ৰেলৱে আৱাস গৃহৰ লগতে চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

পুৱা প্ৰায় ৪.৩০ মান বজাত অঞ্চলটোৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা এই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি স্থানীয় ৰাইজে জনায় ৷ ক’লনিটোৰ H-33 ব্লকৰ A B C D চাৰিটা ৰেলৱে আৱাসগৃহ জ্বলি ভস্মীভূ হয় ৷জুইত প্ৰায় ৪০ লক্ষাধিকৰো অধিক সা-সম্পত্তি জাহ যোৱাৰ সন্দেহ(Massive fire breaks out in Lumding)৷

বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ ৷

লগতে পঢ়ক:Road accident : মহাগৰীৰ উলুবাৰীত পথ দুৰ্ঘটনা