Local, Vocal, Global

Bamboo Bridge : নগৰবেৰাৰ দোকুছি-পাহাৰপাৰা সংযোগী পথৰ মাজত থকা এখন জৰাজীৰ্ণ দলঙে জ্বলা কলা খুৱাইছে ৰাইজক

নগৰবেৰা,১১ফেব্ৰুৱাৰী : নগৰবেৰাৰ দোকুছি-পাহাৰপাৰা সংযোগী জহি খহি যোৱা কাঠৰ দলংখন বাৰিষাৰ পূৰ্বেই পুননিৰ্মাণৰ দাবী জনাইছে স্থানীয় লোকে।

দলংখন জৰাজীৰ্ণ হৈ পৰাত জিলা প্ৰশাসনে ইতিমধ্যে দলংখনেৰে বন্ধ কৰি দিছে যাতায়াত(Bamboo Bridge)।

খৰালিৰ সময়ছোৱাত জলজলী নদী শুকাই যোৱাত সম্প্ৰতি অঞ্চলবাসীয়ে বাঁহৰ সাঁকোৰে পাৰাপাৰ হৈছে যদিও বাৰিষাৰ লগে লগে বাঁহৰ দলংখনো বন্ধ হৈ পৰে।

এনে পৰিস্থিতিত প্ৰায় ২০ খন গাঁওৰ সৰ্বস্তৰৰ লোকৰ লগতে স্কুল, কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে নাৱেৰে বিপজ্জনকভাৱে জলজলী নদী পাৰাপাৰ হ’ব লাগিব।

প্ৰায় অৰ্ধ লক্ষাধিক লোকৰ সুচল যাতায়াত ব্যৱস্থাৰ বাবে বাৰিষাৰ পূৰ্বেই দলংখন মেৰামতি অথবা পুনঃনিৰ্মাণ কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ লগতে জিলা আয়ুক্তক দাবী জনাইছে ৰাইজে।

পৰ্যায়ক্ৰমে দলংখন পকীকৰণৰো দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক:Road accident: দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ;নিহত চেঁচা চাহ বাগিচাৰ ফেক্টৰী মেনেজাৰ