Massive fire breaks out in Dhing : ধিঙৰ পিংকি হাৰ্ডৱেৰত বিধ্বংসী অগ্নিকাণ্ড

ধিং,১১ফেব্ৰুৱাৰী : ধিঙৰ পিংকি হাৰ্ডৱেৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত কেইবালক্ষাধিক টকাৰ সা সম্পত্তি৷ নিশা প্ৰায় ৯ মান বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ৷
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ধিং অগ্নিনিবাৰ্পক বাহিনীৰ লগতে ধিং আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে৷ ধিং অগ্নিনিবাৰ্পক বাহিনীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিবাৰ্পণ কৰে । জুই নিৰ্বাপনলৈ ইতিমধ্যেই দোকান খনৰ কেবা লাখ টকাৰ সা সম্পত্তি জুইত যাহ যায়৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ধি আৰক্ষী৷ বিদ্যুতৰ শ্বট চাৰ্কিতৰ বাবেই এই অগ্নিকাণ্ড ঘটনাৰ সূত্ৰ পাত হোৱা বুলি সকলোৱে সন্দেহ(Massive fire breaks out in Dhing)৷