Amazon sailfin catfish: গুৱাহাটী বশিষ্ঠৰ বাহিনী নৈত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ

নিউজ ডেস্ক,১০ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ বাহিনী নৈত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ । মাছমৰীয়াৰ জালত উঠিল বিৰল প্ৰজাতিৰ মাছটো। আমাজন ছেইলফিন কেট ফিছ নামৰ মাছবিধ উদ্ধাৰ হৈছে বশিষ্ঠ নৈত(Amazon sailfin catfish)।
পৃথিৱীৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ কৰা আমাজন ছেইলফিন কেট ফিছ। এই মাছবিধক আমাজনৰ ৰাক্ষস মাছ বুলিও কোৱা হয়। কাৰণ ছেইলফিন কেট ফিছ য’ত থাকে তাত নাথাকে আনো কোনোধৰণৰ মাছ।
কোনো লোকে থলুৱা মাছ নিশ্চিহ্ন কৰাৰ ষড়যন্ত্ৰ কৰি বশিষ্ঠ নৈত এইবিধ মাছ এৰি দিয়াৰ সন্দেহ কৰিছে।
লগতে পঢ়ক :Sivasagar News:এতিয়াৰ পৰা বিদ্যালয়ত অনুমতি লৈহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন