Local, Vocal, Global

Goalpara group attacks: গোৱালপাৰাৰ গৃহৰক্ষী জোৱানক ড্ৰাগছ আসক্ত এদল যুৱকৰ দলৱদ্ধ আক্ৰমণ

৮ফেব্ৰুৱাৰী ২০২৫,গোৱালপাৰা: গোৱালপাৰা লক্ষীপুৰ চহৰত নিশা ভয়ংকৰ ঘটনা।ড্ৰাগছ আসক্ত এদল যুৱকৰ দলবদ্ধ আক্ৰমণত আহত কৰ্তব্যৰত গৃহৰক্ষী জোৱান ৰফিকুল ইছলাম । নিশা লক্ষীপুৰ চহৰত তহল দি থকা অৱস্থাত গৃহৰক্ষী জোৱানজনক আক্ৰমণ। আক্ৰমণকলৈ গোৱালপাৰা সচেতন মহলত ব্যাপক চৰ্চা আৰু চেপা উত্তেজনা বিৰাজ কৰিছে গোৱালপাৰাত।আক্ৰমণকলৈ সদৌ অসম প্ৰশিক্ষন প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ গোৱালপাৰা জিলাৰ সভাপতি মহেশ নাথ আৰু সম্পাদক আব্দুল হাকিমে আজি সংবাদ মেল পাতি গৃহৰক্ষী জোৱান সকলোৰ নিৰাপত্তাৰ দাবী কৰে আৰু দোষীক কৰায়ত্ত কৰি শাস্তি বিহাবলৈ দাবী জনায় । গোৱালপাৰা আৰক্ষীয়ে জোৱান জনৰ লগত এলাগী ব্যৱহাৰ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে।