Local, Vocal, Global

Today horoscope: জানি লওক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল

৮ফেব্ৰুৱাৰী ২০২৫, ৱেবডেস্ক: জানি লওক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপুনি নতুন কাপোৰ পৰিধান কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য উদ্বেগ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব,কৰ্মত সন্মান বাঢ়িব, আৰ্থিক দিশটো টনকিয়াল হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি কৰিব পাৰে।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, নতুন নতুন ব্যৱসায় বানিজ্যৰ কথা মনলৈ আহিব, যদিও আজি আপুনি দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব নহ’লে সামান্য ক্ষতি হব পাৰে।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, মনটো সামান্য চঞ্চল হ’ব পাৰে, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে মনলৈ হতাশাৰ ভাৱ আহিব পাৰে ।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ধন সম্পত্তি হাতলৈ আহিব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব, লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নানান সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ৰোগ আৰোগ্য হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰ হোৱাৰ যোগ দেখা যায়।