Assam sahitya sabha : অসম সাহিত্য সভাৰ বার্ষিক অধিৱেশনলৈ এজনো সংখ্যালঘু ব্যক্তিক আমন্ত্রণ নজনোৱাক লৈ প্রতিক্রিয়া ৰেজাউল কৰিম চৰকাৰৰ
৩ ফেব্ৰুৱাৰী ২০২৫,বেৱডস্ক :পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ বার্ষিক অধিৱেশনত এজনো সংখ্যালঘু ব্যক্তিক আমন্ত্রণ নজনোৱাক লৈ প্রতিক্রিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্রীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য কৰি কয় যে-“পাঠশালাত চলা নাই অসম সাহিত্য সভাৰ বার্ষিক অধিৱেশন।মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশত দিছপুৰীয়া অধিৱেশনহে চলিছে শাঠশালাত। সাম্প্রদায়িক মনোভাৱ আগত ৰাখি হিন্দু-মুছলমান ভাগ ভাগ কৰি অধিবেশন পাতিছে অসম সাহিত্য সভাই।মুখ্যমন্ত্ৰীৰ হিন্দুত্ববাদৰ এজেণ্ডাৰ দৰে সাম্প্রদায়িক বিভেদ আনিবলৈ চেষ্টা কৰিছে সাহিত্য সভাই । অসমৰ ১ কোটি ৩০ লক্ষ্য সংখ্যালঘু জনতাৰ ভিতৰত সাহিত্য সভাত আমন্ত্রণ পোৱাৰ এজনো যোগ্য ব্যক্তি নাই নেকি ? সভাৰ বার্ষিক অধিৱেশনত এজনো সংখ্যালঘু ব্যক্তিক আমন্ত্রণ নজনোৱাক লৈ প্রতিক্রিয়া আমছুৰ কেন্দ্রীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ।
আনহাতে,হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সংখ্যালঘু মুছলমানক শিক্ষাৰে জেহাদ ঘোষণা কৰিবলৈ আহ্বান কেন্দ্রীয় সভাপতিগৰাকীৰ। ” মুখ্যমন্ত্রীৰ গাদীত বহাৰে পৰা হিন্দু-মুছলমানৰ ৰাজনীতিত ভৰি দিছে হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী হোৱাৰ পাছৰে পৰাই সংখ্যালঘুক টার্গেট কৰি আহিছে হিমন্ত বিশ্ব শর্মাই। কেতিয়াবা সংখ্যালঘু এলেকাত মুখ্যমন্ত্রীয়ে উচ্ছেদ কৰে, কেতিয়াক অগণতান্ত্রিক পদ্ধতিৰে মাদ্রাছা ভাঙি দিয়ে মুখ্যমন্ত্রীয়ে” প্রতিজন মুছলমানক শিক্ষিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্রদায়িক স্থিতিৰ বিৰুদ্ধে জেহাদ ঘোষণাৰ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ ।