Local, Vocal, Global

94th annual session of Srimanta Sankardeva Sangha: শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ চাৰিটা দিন

দেৰগাঁও,২ফেব্ৰুৱাৰী : শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ চাৰিটা দিন ৷

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ৬ তাৰিখৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়াকৈ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ,ম’হবন্ধা এৰালতলি পথাৰত অনুষ্ঠিত হৈছে। তাৰ উপলক্ষে প্ৰস্তুতি তুংগত। প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। এই বৰ্ষ প্ৰায় ৩০ লাখ ভক্তৰ সমাগমৰ আশা কৰিছে উযাপন সমিতিয়ে। দিনে নিশাই ব্যস্ত ৩৬ খন উপ সমিতি। ২০০ টা চৌকাৰ বৃহৎ ৰন্ধন শাল সাজু কৰি তুলিছে। প্ৰায় সম্পূৰ্ণ হৈছে মূল মণ্ডপ,শিৱিৰ ,ৰন্ধনশালা,ভোজনালয়,পতাকা বেদী। আতক ধুনীয়াকৈ সজাই তুলা হৈছে শিৱিৰ সমূহ(94th annual session of Srimanta Sankardeva Sangha)।

অস্থায়ী নামঘৰ ভাগ সম্পূৰ্ণ হোৱাৰ লগে লগে নামঘৰ ভাগত আৰম্ভ হৈছে নাম কীৰ্তন। হৰিনামে মুখৰিত হৈছে চৌদিশ । যেন দ্বিতীয় বৈকুণ্ঠপুৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত সকলক আদৰিবলৈ সাজু হৈছে উপ সমিতি সমূহ।

লগতে পঢ়ক :Bilasipara News:বিলাসীপাৰাত শনিবাৰে নিশা অপ্ৰীতিকৰ পৰিস্থিতি