Sensational incident: কাঠৰ বাটাম, পিৰা আৰু বেটেৰে কোবাই হত্যা ভোলা মালোক

নিউজ ডেস্ক,২ফেব্ৰুৱাৰী : আমিনগাঁৱৰ দয়াল নগৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। কাঠৰ বাটাম, পিৰা আৰু বেটেৰে কোবাই কোবাই এজনক হত্যা কৰাৰ অভিযোগ।কোবত মৃত্যু হোৱা লোকজন ভোলা মালো বুলি জানিব পৰা গৈছে।হত্যাকাণ্ড সংঘটিত কৰা লোকজন বিষ্ণু হালদাৰ । বৰ্তমান পলাতক অভিযুক্ত বিষ্ণু হালদাৰ।
জানিব পৰা মতে, শুক্ৰবাৰে সন্ধিয়াৰ ভাগতেই সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনটো। প্ৰায়ে দুয়োটা পৰিয়ালৰ মাজত সংঘটিত হয় কাজিয়া। দুয়োটা পৰিয়ালৰ দুই কণমানিৰ সৈতে হোৱা কাজিয়াৰ পৰাই সূত্ৰপাত হৈছিল এই শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনাৰ।কণমানিৰ সৈতে হোৱা কাজিয়াৰ ফলত উপৰ্যুপৰি মূৰত কোবাইছিল ভোলা মালোক।
ভুক্তভোগী ভোলা মালোক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত ঘোষণা কৰে চিকিৎসকে(Sensational incident)।
পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ।
ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীয়ে অভিযুক্তক বিচাৰি আৰম্ভ কৰিছে তদন্ত। বিষ্ণু হালদাৰৰ পৰিয়ালৰ বিৰুদ্ধে পূৰ্বেও আছে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ।