Excise department officer indreswar kalita:আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,৩০জানুৱাৰী : আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ । আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত চি এম ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰে ইন্দ্ৰেশ্বৰক ।
ইন্দ্ৰেশ্বৰৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চত ৰুজু হৈছিল গোচৰ। ০২/২০২৪ নম্বৰত ইন্দ্ৰেশ্বৰৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। কিছুদিন পূৰ্বে ইন্দ্ৰেশ্বৰ কলিতাৰ বাসগৃহত চলিছিল অভিযান।মহানগৰীৰ সুন্দৰপুৰত থকা নিৰ্বানা এপাৰ্টমেণ্টত চলিছিল অভিযান। চি এম ভিজিলেঞ্চে দুবাৰ জেৰা কৰিছিল ইন্দ্ৰেশ্বৰক(Excise department officer indreswar kalita)।
২০২৪ চনৰ ১০-১২ এপ্ৰিলত ইন্দ্ৰেশ্বৰক কৰিছিল জেৰা। ৮ঘণ্টাকৈ ১৬ঘণ্টা জেৰাৰ সন্মুখীন হৈছিল ইন্দ্ৰেশ্বৰ কলিতা। ইন্দ্ৰেশ্বৰৰ আয়তকৈ ২০০% অধিক সম্পত্তি থকাৰ অভিযোগ। তদন্তত পোহৰলৈ আহিছিল ইন্দ্ৰেশ্বৰৰ পৰ্বতসম সম্পত্তিৰ তথ্য। ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে চলি আছে বিভাগীয় তদন্ত।
লগতে পঢ়ক :The woman died while praying :পূজা কৰি থাকোতেই ঢলি পৰি এগৰাকী মহিলাৰ মৃত্যু