Man arrested for cyber fraud:গুৱাহাটীত গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী; ‘ডিজেটেল এৰেষ্ট’ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধীক

নিউজ ডেস্ক,৩০জানুৱাৰী : গুৱাহাটীত গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী। ‘ডিজেটেল এৰেষ্ট’ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধীটোক। গ্ৰেপ্তাৰ কৰা অপৰাধীটোক বিশ্বজিৎ দাস । নুনমাটি আৰক্ষীৰ সহযোগত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিশ্বজিৎ দাসক। ধৃত বিশ্বজিৎ দাসৰ ঘৰ বৰপেটাৰ তাৰাবাৰীত(Man arrested for cyber fraud)।
খবৰ অনুসৰি, বিশ্বজিৎ দাসৰ ‘ডিজেটেল এৰেষ্ট’ৰ বলি হৈছিল মুম্বাইৰ এজন বয়োজ্যেষ্ঠ লোক। মুম্বাইৰ বয়োজ্যেষ্ঠ লোকজনৰ পৰা বিশ্বজিৎ দাসে আত্মসাৎ কৰিছিল ২১ লাখ টকা। নিজকে EDৰ বিষয়া বুলি পৰিচয় দি বিশ্বজিতে আত্মসাৎ কৰিছিল ধন।গ্ৰেপ্তাৰৰ ভাবুকি দি প্ৰৱঞ্চকটোৱে সৰকাইছিল ২১ লাখ টকা। YTSYl ৱেলনেছ মাল্টি ট্ৰেড প্ৰাইভেট লিমিটেডত বিশ্বজিযে জমা কৰাইছিল ধন( Man arrested for cyber fraud in Guwahati)।