Local, Vocal, Global

Doom Dooma News: তৰাণি সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা চলিছে বন দস্যুৰ হাতোৰা

ডুমডুমা,২৫জানুৱাৰী : পেঙেৰী তৰাণী গাঁৱত কাঠ কাটি থকা অৱস্থাত পেঙেৰী আৰক্ষীয়ে আটক কৰিলে এজনক।

আটকাধীন লোকজন যাদৱ দহোটীয়া বুলি চিনাক্ত(Doom Dooma News)।

আটকাধীন যাদৱ দহোটীয়াক লগত লৈ পেঙেৰী আৰক্ষী আৰু খাটাংপানী আঞ্চলিক বন বিভাগৰ কৰ্মীয়ে পৰিদৰ্শন কৰে তৰাণী সংৰক্ষিত বনাঞ্চল।

তৰাণি সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা চলিছে বন দস্যুৰ হাতোৰা, দূৰে দূৰে আছে মাত্ৰ হোলোং গছৰ মুড়া।

অভিযান কালত ৰতন মৰাণৰ ঘৰতো উদ্ধাৰ বৃহৎ পৰিমাণৰ হোলোং কাঠ, খেৰৰ তলতো পুতি থোৱা অৱস্থাত উদ্ধাৰ হোলোং গছৰ কাঠ।

যাদৱ দহোটীয়াই লৈছে আন কেইবাগৰাকী কাঠ মাফিয়াৰ নাম।

যাদৱ দহোটীয়াৰ পৰা কাঠ ক্ৰয় কৰে ফিল’বাৰী সোণাপুৰ দেউৰী গাঁ‌ৱৰ বেনুধৰ দেউৰী আৰু ফিল’বাৰীৰ জনৈক দহোটীয়াই।

আৰক্ষী আৰু বন বিভাগে কেতিয়া আটক কৰিব যাদৱ দহোটীয়াই নাম লোৱা আন কেইবাগৰাকী কাঠ মাফিয়াৰ নাম।

লগতে পঢ়ক :Republic Day 2025: ছিপাঝাৰ আৰক্ষীৰ কটকটীয়া তালাচী অভিযান