Get rid of urinary problems with exercise:ব্যায়ামেৰে প্ৰস্ৰাৱৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক !
২৪ জানুৱাৰী ২০২৫, ৱেব ডেস্ক : আপোনাৰ প্ৰস্ৰাৱৰ সমস্যাৰ আছে নেকি? আপুনিও বাৰু সঘনাই প্ৰস্ৰাৱৰ প্ৰয়োজন অনুভৱ কৰে নেকি? তেনেহ’লে ইয়াক সাধাৰণ সমস্যা বুলি ভাবি আওকাণ নকৰিব। এইয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে।
এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰি ইয়াৰ আঁৰৰ কাৰণবোৰ জানিব লব লাগে। ইয়াৰ উপৰিও প্ৰস্ৰাৱৰ সমস্যাৰ পৰা মুক্তি পাবলৈ কিছুমান যোগাসন আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰা উচিত।
প্ৰস্ৰাৱৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসন-
বৃক্ষাসন
এই আসনে আমাৰ পেলভিক ফ্ল’ৰৰ পেশীবোৰ শক্তিশালী কৰে, যাৰ ফলত মূত্ৰাশয়ৰ ওপৰত চাপ কমি যায়। ইয়াৰ ফলত আমাৰ প্ৰস্ৰাৱৰ লগত জড়িত সমস্যা কম হয়।
ইয়াৰ বাবে প্ৰথমে মেটখনৰ ওপৰত পোনে পোনে থিয় হৈ লব লাগিব। তাৰ পিছত এখন ভৰি আনখন ভৰিৰ উৰুত ৰাখি হাত দুখন ওপৰলৈ ভাঁজ কৰি গছৰ দৰে থিয় হৈ থাকিব লাগিব। এই ভংগীমাত ৩০ ছেকেণ্ডৰ পৰা ১ মিনিটলৈকে থাকিব লাগিব।
বৃক্ষাসন কৰিলেও কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ দৰে সমস্যা দূৰ কৰাত সহায় হয়। ইয়াৰ ফলত আপোনাৰ মেৰুদণ্ডলৈ নমনীয়তা আহি পৰে।
বজ্ৰাসন
বজ্ৰাসনৰ ফলত আমাৰ পেলভিক ফ্ল’ৰ শক্তিশালী হয় আৰু সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।
ইয়াৰ বাবে মাটিত বহি পোনে পোনে আঁঠু দুটা বেঁকা কৰি দুয়ো ভৰিৰ গোৰোহা ইটোৱে সিটোৰ ওচৰলৈ আনি বহি লব লাগিব। ইয়াৰ সময়ত ভৰিৰ ওপৰৰ অংশ মাটিত আৰু গোৰোহা নিতম্বৰ ওচৰত থাকিব লাগে। দুয়োটা গোৰোহা অলপ পৃথক কৰি লব লাগিব, যাতে নিতম্ব দুটাৰে আৰামত বহিব পাৰে।
তাৰপিছত পিঠিখন পোন কৰি মূৰ, ডিঙি আৰু মেৰুদণ্ডক পোন ৰেখাত ৰাখিব লাগিব। ইয়াৰ পিছত দুয়োখন হাত আঁঠুৰ ওপৰত ৰাখি বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি দুটা ইটোৱে সিটোৰ লগত সংযোগ কৰি ‘জ্ঞান মুদ্ৰা’ বনাব লাগে। এতিয়া এই অৱস্থাত কমেও ৫ৰ পৰা ১০ মিনিট সময় থকা উচিত।
ইয়াৰ ফলত আমাৰ পেলভিক শক্তিশালী হোৱাই নহয়, পাচন শক্তিও বৃদ্ধি পাব। ইয়াৰ উপৰিও ই শৰীৰত ৰক্ত সঞ্চালন আৰু শক্তিৰ উন্নতি সাধন কৰে।