Actor Aman Jaiswal Death:এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল অভিনেতা অমন জয়ছোৱালৰ

এণ্টাৰটেনমেণ্ট ডেস্ক,১৮জানুৱাৰী : এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল অভিনেতা অমন জয়ছোৱালৰ। অডিচন দিবলৈ গৈ শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২২ বছৰীয়া অভিনেতা গৰাকীয়ে। মুম্বাইৰ যোগেশ্বৰী ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাতে মৃত্যু হয় উদীয়মান অভিনেতা অমন জয়ছোৱালৰ। জনপ্ৰিয় টিভি ধাৰাবাহিক ‘ধৰ্তিপুত্ৰ নন্দিনী’ত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অমন জয়ছোৱাল(TV actor Aman Jaiswal killed in road accident in Mumbai)।
“ধৰ্তিপুত্ৰ নন্দিনী”ৰ চিত্ৰনাট্যকাৰ ধীৰাজ মিশ্ৰই কয় যে অভিনেতাজনে বাইক লৈ অডিচনলৈ যোৱাৰ পথতে এখন ট্ৰাকে খুন্দা মৰাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।ততাতৈয়াকৈ অমনক কামা হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আধা ঘণ্টাৰ ভিতৰতে তেওঁৰ মৃত্যু হয়(Dhartiputra Nandini actor Aman Jaiswal passes away)।
চনী টিভিৰ যশৱন্ত ৰাও পৰিচালিত “পুন্যাশ্ৰোকা অহিল্যাবাই” আৰু ৰবি ডুবে আৰু সৰগুন মেহতাৰ প্ৰযোজনাৰ “উদাৰিয়ান” নামৰ জনপ্ৰিয় অনুষ্ঠানতো অভিনয় কৰিছিল অমনে। টেলিভিছনত প্ৰৱেশ কৰাৰ আগতে অমন আছিল এগৰাকী সফল মডেল(Actor Aman Jaiswal Death)।
লগতে পঢ়ক :Sensational incident: দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ