Local, Vocal, Global

Tibet earthquake:তিব্বতত মৃত্যুৰ বিভীষিকা!তিব্বতত ভূমিকম্পত নিহতৰ সংখ্যা ১২৬ জন লৈ বৃদ্ধি

নিউজ ডেস্ক,৮জানুৱাৰী : তিব্বতত মৃত্যুৰ বিভীষিকা!তিব্বতত ভূমিকম্পত নিহতৰ সংখ্যা ১২৬ জন লৈ বৃদ্ধি(Tibet earthquake)। আহতৰ সংখ্যা ১৮৮জন।আনহাতে ভূমিকম্পৰ ফলত ৩৬০০ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে(Tibet earthquake death toll rises to 126)।

এতিয়া তিব্বতৰ ভিন্ন স্থানত অভিযান চলাই আছে অভিযানকাৰী দলে। ড্ৰ’নৰ সহায়ত ধ্বংসাৱশেষৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ বাবে চেষ্টা কৰি থকা হৈছে।

উল্লেখ্য যে,পশ্চিম তিব্বতৰ সিজাঙত (xizang) মঙলবাৰে পুৱা ৬:৩৫ বজাত ভয়ংকৰ ভূমিকম্পই জোকাৰি যায়। ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৭.১। মঙলবাৰে অহা ভূমিকম্পত নেপাল, তিব্বত, বাংলাদেশ, ভূটানকে ধৰি ভাৰতৰ অসম, বিহাৰ, পশ্চিম বংগ, দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত জোকাৰণি অনুভূত হৈছিল।

লগতে পঢ়ক :Guwahati News :গুৱাহাটীৰ অম্বিকাগিৰি নগৰত ভয়ংকৰ ঘটনা