Local, Vocal, Global

Chandra Mohan Patowary inaugurates jeep and elephant safari: নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ জীপ চাফাৰী, হাতী চাফাৰী মুকলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

জামুগুৰিহাট,৭জানুৱাৰী : নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত আজিৰে পৰা মুকলি কৰা হ’ল জীপ চাফাৰী আৰু হাতী চাফাৰী। বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে মুকলি কৰে এই জীপ চাফাৰীৰ। লগতে মন্ত্ৰীগৰাকীয়ে উদ্ধোধন কৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ।

২৫ সংখ্যক নামেৰী ব্ৰাঘ্য প্ৰকল্পৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে এই জীপ চাফাৰী আৰু হাতী চাফাৰী মুকলি কৰি পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হৈছে।

মন্ত্রীগৰাকীয়ে প্ৰৱেশ দ্বাৰ উন্মোচন কৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰে।মন্ত্রীগৰাকীক সংগ দিয়ে বন্য প্রাণী শাখাৰ প্ৰধান বন সংৰক্ষক বিনয় গুপ্তা CCF সন্দীপ কুমাৰ লগতে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বি.পেৰাইশুধনে(Chandra Mohan Patowary inaugurates jeep and elephant safari)।

উল্লেখযোগ্য যে ব্যাঘ্ৰ প্ৰকল্প ৰ ৰূপালী জয়ন্তীৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৯০ দিনজোৰা কাৰ্য্যসূচীৰে আনুষ্ঠানিকভাৱে আজিৰ পৰা শুভাৰম্ভ কৰা হয়।

লগতে পঢ়ক :Jamugurihat News : জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা