Local, Vocal, Global

Herbal tea to get Glowing skin : উজ্জ্বল ছাল পাবলৈ খাওক এইসমূহ বনৌষধি চাহ

অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু কিছুমান বেয়া অভ্যাসেও ছালত প্ৰভাৱ পেলাব পাৰে । ইয়াৰ বাবে আমাৰ ছালখন নিস্তেজ দেখাবলৈ আৰম্ভ কৰে । ইয়াৰ উপৰিও আমাৰ ছালৰ লগত সৈতে জড়িত সমস্যাও হ’বলৈ আৰম্ভ কৰে । ইয়াত খাদ্যাভ্যাস আটাইতকৈ গুৰুত্বপূৰ্ণ । বেছিকৈ জাংক বা প্ৰষ্টেট খাদ্য সেৱন কৰিলে শৰীৰত বিষাক্ত পদাৰ্থ জমা হয় আৰু ছালৰ উজ্জালতা কমি যায়। যাৰ ফলত আমি ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। ছালৰ যত্ন ল’বলৈ আমি বহুতো বনৌষধি ব্যৱহাৰ কৰিব পাৰো যি আমাৰ ছালৰ বাবে উপকাৰী হ’ব পাৰে(Herbal tea to get Glowing skin)।

আমি বিভিন্ন বনৌষধি চাহ হিচাপে খাব পাৰো । এই চাহবোৰত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখনক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে । গতিকে যদি আপুনিও আপোনাৰ ছালখন সুস্থ কৰি ৰাখিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই বনৌষধি চাহবোৰ সেৱন কৰক ।

উজ্বল ছাল পাবলৈ খাওক এইসমূহ বনৌষধি চাহ(Herbal tea to get Glowing skin)

কেমোমাইল চাহ

যদি আপুনি সঠিকভাৱে টোপনি নাপায় তেন্তে ই ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । ইয়াৰ পৰা সকাহ পাবলৈ কেমোমাইল চাহ খাব পাৰে । এইটো সেৱন কৰিলে আপোনাৰ মগজুটো শিথিল হৈ থাকিব আৰু আপোনাক শান্তিপূৰ্ণ টোপনি অহাত সহায় কৰিব । ইয়াৰ সেৱনে চকুৰ ক’লা দাগ আৰু চকু ফুলাৰ দৰে সমস্যাৰ পৰা সকাহ দিব পাৰে ।

জেচমিন চাহ

তেলীয়া ছাল থকা সকলৰ বাবে জেচমিন চাহ খোৱাটো অতি উপকাৰী । ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু পুষ্টি শোষক গুণ আছে । ইয়াক সেৱন কৰিলে ছালত থকা তেল নিয়ন্ত্ৰিত হয় আৰু ছালত নিস্তেজ হোৱাৰ সমস্যাও কমি যাব । জেচমিন চাহতো এন্টি এজিং গুণ পোৱা যায়, যিয়ে ছালখনক ডেকা কৰি ৰখাত সহায় কৰে ।

পদিনা চাহ

পাচনতন্ত্ৰৰ সমস্যা থাকিলে পদিনা চাহ খাব পাৰে । পদিনাত পোৱা প্ৰাকৃতিক গুণে ছালখন সুস্থ কৰি ৰখাত সহায় কৰে । এইবোৰে ছালৰ পৰা মৃত কোষবোৰ আঁতৰাই ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে ।

ক’লা চাহ

যদি বয়সৰ আগতে বলিৰেখাৰ সমস্যা হয়, তেন্তে ক’লা চাহ খাব পাৰে । ইয়াত ফ্ৰী ৰেডিকেল থাকে যিয়ে ছালত বাৰ্ধক্যৰ লক্ষণ কমোৱাত সহায় কৰে । ইয়াত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰিব পাৰে ।