Police Jawan Accidentally Shot Dead by Own AK-47: বন্দুক পৰিস্কাৰ কৰি থাকোতেই গুলী ফুটি মৃত্যু আৰক্ষী জোৱানৰ

নিউজ ডেস্ক,৫ডিচেম্বৰ : ডিব্ৰুগড়ৰ আৰক্ষী চাউনীত ভয়ংকৰ অঘটন । বন্দুক পৰিস্কাৰ কৰি থাকোতেই গুলী ফুটি মৃত্যু আৰক্ষীৰ।নিজৰ ছাৰ্ভিচৰ এ কে 47ৰ পৰিষ্কাৰ কৰি থাকোতে গুলী লাগি নিহত হয় মাধৱ চুতীয়া নামৰ এজন আৰক্ষী জোৱানৰ । ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পি এছ অ’ হিচাপে কৰ্মৰত আছিল চুতীয়া(Police Jawan Accidentally Shot Dead by Own AK-47)।
জানিব পৰা মতে, দেওবাৰে পুৱা ডিব্ৰুগড়ৰ আৰক্ষী চাউনীৰত থকা নিজৰ আবাস গৃহত ছাৰ্ভিচৰ এ কে 47 টো চাফা কৰি থাকোতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।
বুকুত গুলী লগা আৰক্ষী জোৱানজনক এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
লগতে পঢ়ক :Karnataka DSP Sexually Harasses Woman:পুনৰ খাকী পোছাকত দাগ লগালে এগৰাকী DSP য়ে