Karnataka DSP Sexually Harasses Woman:পুনৰ খাকী পোছাকত দাগ লগালে এগৰাকী DSP য়ে
নিউজ ডেস্ক,৫ডিচেম্বৰ : পুনৰ খাকী পোছাকত দাগ লগালে এগৰাকী DSP য়ে।থানাত এজাহাৰ দিবলৈ যোৱা মহিলাৰ সৈতে আৰক্ষীয়ে কৰিলে বেয়া কাম ।
ভিডিঅ’ ত দেখা পোৱা মহিলা গৰাকীয়ে থানাত এজাহাৰ দিবলৈ গৈছিল। থানাত এজাহাৰ দিবলৈ যোৱা মহিলা গৰাকীৰ লগত DSP লেভেলৰ এগৰাকী আৰক্ষীয়ে যি কৰিলে সেইয়া আমি আপোনালোকক দেখুৱাব নোৱাৰো। মহিলা গৰাকীৰ শৰীৰ বিভিন্ন অংগৰ লগত একপ্ৰকাৰ খেলা কৰা দেখা পোৱা গৈছে ভিডিঅ’ টোত(Karnataka DSP Sexually Harasses Woman)।
এই ঘটনাটো হৈছে কৰ্ণাটকৰ। এগৰাকী মহিলা কৰ্ণাটকৰ মধুগিৰি ডি এছ পি ৰামচন্দ্ৰপ্পাৰ কাৰ্যালয়লৈ অভিযোগ দাখিল কৰিবলৈ আহিছিল। কিন্তু বিষয়াজনে মহিলাগৰাকীৰ লগত যি কাণ্ড কৰিলে সেইয়া দেশৰ সমগ্ৰ আৰক্ষী বিভাগটোক লজ্জানত কৰিছে । ডি এছ পি ৰামচন্দ্ৰপ্পাই মহিলাগৰাকীক এটা ব্যক্তিগত কোঠালৈ লৈ যায় আৰু তাইৰ সৈতে উচ্চাৰণ কৰিব নোৱাৰো অশ্লীল কাম কৰে ।
এই সমগ্ৰ দৃশ্য আন এজন ব্যক্তিয়ে ৰেকৰ্ডিং কৰে আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগেই, DSP ৰামচন্দ্ৰপ্পাই নিজকে আত্মগোপন কৰে যদিও ৰামচন্দ্ৰপ্পাক ইতিমধ্যে নিলম্বন কৰা হৈছে।ভিডিওটো চোৱাৰ পাছত আৰক্ষী বিষয়া গৰাকীৰ এনে কাণ্ডত আপুনি কি কব ।
লগতে পঢ়ক :Theft in Jagiroad : জাগীৰোডত চোৰৰ উপদ্ৰৱ