Local, Vocal, Global

Abhayapuri News:বাহনৰ খুন্দাত সোণালী বান্দৰৰ মৃত্যু;স্থানীয় ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

অভয়াপুৰী : বঙাইগাঁও জিলাৰ কদমতলাত স্থানীয় ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।

বাহনৰ খুন্দাত এটি আপুৰুগীয়া সোণালী বান্দৰৰ মৃত্যুক কেন্দ্ৰ কৰি এই অৱৰোধ।

১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা বাহনৰ খুন্দাত মৃত্যু হৈছিল সোণালী বান্দৰৰ(Abhayapuri News)।

সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল স্থানীয় ৰাইজ, দল, সংগঠনে।

ডিচেম্বৰ আৰু জানুৱাৰী মাহত বিদ্যুতস্পৃষ্ট ,বাহনৰ খুন্দাত মুঠ চাৰিটা সোনালী বান্দৰৰ মৃত্যু ঘটিছে।

লগতে পঢক :Magh Bihu 2025 : হেঁপাহৰ ভোগালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন