Guwahati Stabbing: পুনৰ চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা মৌচুমী গগৈৰ হত্যাকাৰী ভূপেন দাসৰ

নিউজ ডেস্ক,২৯ডিচেম্বৰ :পুনৰ চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা মৌচুমী গগৈৰ হত্যাকাৰী ভূপেন দাসৰ। চিকিৎসাধীন অৱস্থাতে নিজেকে শেষ কৰাৰ চেষ্টা ভূপেন দাসৰ। খাদ্য সামগ্ৰীৰ সৈতে নিয়া চামুচেৰে হাতৰ নাৰ্ভ কটাৰ চেষ্টা ভূপেন দাসৰ(Guwahati Stabbing)।
উল্লেখ্য যে, বৃহস্পতিবাৰে সংঘটিত হৈছিল ৰাজ্য কপাঁই যোৱা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত ভূপেন দাস নামৰ এজন কেব চালকে দিনৰ পোহৰতে ছুৰীৰে আক্ৰমণ কৰিছিল মৌচুমী গগৈক। যাৰ ফলত জিএমচিএইচত মৃত্যুক সাবটি লৈছিল মৌচুমীয়ে।আনফালে মৌচুমীক আক্ৰমণ কৰি নিজকে শেষ কৰি দিব বিচাৰিছিল ভূপেন দাসে। আহত ভূপেন বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে।
দুবছৰ ধৰি ভূপেন দাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ। কিন্তু ভূপেন যে বিবাহিত সেই কথা গম পোৱা নাছিল মৌচুমীয়ে। কিছুদিন পূৰ্বে মৌচুমীয়ে জানিব পাৰিছিল ভূপেন বিবাহিত বুলি। আৰু তাৰ পিছৰে পৰা ভূপেনৰ সৈতে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল মৌচুমীয়ে।
কিন্তু মৌচুমীৰ অৱহেলা সহ্য হোৱা নাছিল ভূপেনৰ। প্ৰায়ে আহি মৌচুমীৰ ভাড়াঘৰৰ সন্মুখত ৰৈ আছিল ভূপেন। ফোনযোগে নিজকে শেষ কৰি দিয়াৰ ভাবুকিও দিছিল। ভূপেন দাসৰ ভাবুকি সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দিছিল মৌচুমীয়ে। কিন্তু ভূপেন দাস হাজিৰ হোৱা নাছিল থানাত।
দুবছৰ পূৰ্বে বিহুত মৌচুমীক লৈ ভূপেনে মৌচুমীহঁতৰ ঘৰলৈ ফুৰিবলৈও গৈছিল। বুধবাৰে সন্ধিয়া ৫ বজাৰ পৰা ৮.৩০ বজালৈ দুয়ো একেলগে আছিল।বৃহস্পতিবাৰে মৌচুমীৰ গোচৰৰ মীমাংসাৰ কথা আছিল। দুয়ো বুজাবুজি হৈছিল। কিন্তু তাৰ পূৰ্ব ভূপেনে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা।
লগতে পঢ়ক :South Korea plane crash :বিমান অৱতৰণৰ সময়ত ভস্মীভূত যাত্ৰীবাহী বিমান;নিহত ৮৫ জন যাত্ৰী