South Korea plane crash :বিমান অৱতৰণৰ সময়ত ভস্মীভূত যাত্ৰীবাহী বিমান;নিহত ৮৫ জন যাত্ৰী
নিউজ ডেস্ক,২৯ডিচেম্বৰ : দক্ষিণ কোৰিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমান অৱতৰণৰ সময়ত জ্বলি ভস্মীভূত যাত্ৰীবাহী বিমান ।
দেওবাৰে পুৱাই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ৷
দক্ষিণ কোৰিয়াৰ জৰুৰীকালীন কাৰ্যালয় আৰু স্থানীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি, দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ এটা বিমানবন্দৰত ১৮১ জন লোক কঢ়িয়াই অনা এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ প্ৰথম অৱস্থাত ২৮ জন লোকৰ মৃত্যু বুলি নিশ্চিত কৰা হৈছিল যদিও শেহতীয়াকৈ মৃতকৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি পাইছে ৷ লগতে বহু লোক আহত হোৱাৰো আশংকা কৰা হৈছে(85 Killed After Plane With 181 On Board Crashes On South Korea Runway) ৷
সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য মতে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে প্ৰকাশ কৰিছে বুলি য়নহাপ নিউজ এজেন্সীয়ে (Yonhap News Agency) উল্লেখ কৰিছে।
তথ্য মতে, কোনো কাৰিকৰীক বিজুটিৰ ফলত দেওবাৰে পুৱা ৯:০৭ বজাত জেজু এয়াৰৰ এখন বিমান (Jeju Air flight) অৱতৰণৰ সময়তে ৰাণৱেৰ পৰা আঁতৰি ছিউলৰ পৰা প্ৰায় ২৮৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত মুয়ান কাউন্টিৰ মুছান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বেৰত খুন্দা মাৰে । যাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷
কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনৰ টেইল ছেকচনত ২৮ জন লোকৰ মৃত্যু হৈছে ৷ অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে । বাতৰি যুগুত কৰা পৰলৈকে মাত্ৰ দুজন ব্যক্তিকহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়(South Korea plane crash) ।
ANI ৰ বাতৰি মতে, ১৭৫ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ কঢ়িয়াই অনা বিমানখন বেংককৰ পৰা উভতি আহি আছিল । যাত্ৰীসকলৰ অধিকাংশই আছিল দক্ষিণ কোৰিয়াৰ নাগৰিক ৷ লগতে বিমানখনত দুজন থাই নাগৰিকো আছিল বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :Fresh violence erupts in Manipur:পুনৰ মণিপুৰত আৰম্ভ হৈছে হিংসা