Local, Vocal, Global

Huge cache of ammunition seized in manipur: মণিপুৰত জব্দ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ

নিউজ ডেস্ক,৮ডিচেম্বৰ : হিংসাজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান।অভিযানত শনিবাৰে ৰাজ্যখনৰ কাংপকপি জিলাৰ এল জাংগনমফাইৰ পৰা বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে লগতে পশ্চিম ইম্ফল জিলাৰ থাংগল বাজাৰ এলেকাৰ পৰা এজন কে চি পি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।

মণিপুৰ আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কাংপকপি জিলাৰ এল জাংগনমফাই এলেকাত অভিযান চলোৱাৰ সময়ত নিৰাপত্তা বাহিনীয়ে ১টা চেভেন‌ পইন্ট ছিক্স টু এম স্নাইপাৰ ৰাইফল, ৩টা পিষ্টল, ১টা পইন্ট থ্ৰি জিৰো থ্ৰি বল্ট একচন ৰাইফল, ৫টা হেণ্ড গ্ৰেনেড, ৫টা ষ্টাৰডাইন ৯০ বিস্ফোৰক, ৪ ডাল ইলেক্ট্ৰিক ডিটনেটৰৰ, বিভিন্ন আককাৰৰ পিস্তলৰ ১৯ টা সজীব গুলি সহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়(Huge cache of ammunition seized in manipur)।

আনহাতে, থাংগল বজাৰ অঞ্চলত অভিযান চলাই এজন কেচিপি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত উগ্ৰপন্থীজন টেনছুবাম বংকিম ওৰফে পুনছিবা। উগ্ৰপন্থীজনৰ‌ পৰা এটা নাইন এম এম পিষ্টলৰ লগতে ৭ টা সজীৱ গুলী আৰু এখন মাৰুতি জিপ্সী বাহন উদ্ধাৰ কৰা হয়। উগ্ৰপন্থীজনে‌ দুজন লোকক অপহৰণৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়।

লগতে পঢ়ক :Devajit Saikia Appointed Acting Secretary Of BCCI:ICCৰ ব’ৰ্ড সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ দেৱজিৎ লন শইকীয়াৰ