Earthquake today: এক মৃদু ভূঁইকঁপে জোঁকাৰি গ’ল নাগালেণ্ড
নিউজ ডেস্ক,২৮নৱেম্বৰ : এক মৃদু ভূঁইকঁপে জোঁকাৰি গ’ল চুবুৰীয়া ৰাজ্য নাগালেণ্ড(Earthquake today)।
ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৮ আছিল বুলি জানিব পৰা গৈছে । সামাজিক মাধ্যমৰ জৰিয়তে নেশ্যনেল চেণ্টাৰ ফৰ চিছম’লজিয়ে (NCS) এই কথা প্ৰকাশ কৰে ।
নেশ্যনেল চেণ্টাৰ ফৰ চিছম’লজিৰ মতে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.২২ বজাত নাগালেণ্ডৰ কিফিৰে অঞ্চলত কম্পনটো অনুভৱ কৰা হয় আৰু ৬৫ কিলোমিটাৰ গভীৰতাত জোকাৰণি কেন্দ্ৰীভূত হয় । ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই(Earthquake of magnitude 3.8 strikes Nagaland’s Kiphire)।
লগতে পঢ়ক :Tragic road accident: দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন;আহত ৭গৰাকী