Kaliabor Raas Mahotsav: কলিয়াবৰত ৰাসৰ আখৰাৰ ব্যাপক প্ৰস্তুতি

কলিয়াবৰ,১৮নৱেম্বৰ : ৰাজ্য চৌদিশ মুখৰিত শ্ৰীকৃষ্ণ বন্দনাৰে । শৰতৰ বিতোপন পূৰ্ণিমা নিশা কৃষ্ণৰ অপৰূপ লীলাক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাসোৎসৱৰ।উজনিত যদি জীৱন্ত ৰাসলীলা আনফালে নামনি অসমত মূৰ্তি ৰাসৰ পয়োভৰ(Kaliabor Raas Mahotsav) ।
ৰাজ্যত চৌদিশে উখল মাখল পৰিৱেশ। সমগ্ৰ ৰাজ্যতে ৰাসলীলাত ব্যস্ত গাঁৱৰ জীয়াৰী, বোৱাৰী সকল।
তেনে সময়তে কলিয়াবৰত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য।ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰৰ বিভিন্ন প্ৰান্তত ৰাস পূৰ্ণিমা যোৱাৰ পিছতো ৰাসৰ আখৰাৰ ব্যাপক প্ৰস্তুতি।কলিয়াবৰৰ শাকমুঠি গাঁৱত বৰ্তমানেও ৰাসৰ আখৰাৰ ব্যাপক প্ৰস্তুতি।ৰাসৰ আখৰাত ব্যস্ত গাঁৱৰ জীয়াৰী, বোৱাৰী সকল।