Land centric clash : ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি;নিহত এজন,আহত দুজন
অভয়াপুৰী,৬নৱেম্বৰ : অভয়াপুৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি। ভূমিকেন্দ্ৰিক সংঘাতত প্ৰাণ গ’ল এজনৰ।লেংটিছিঙা আৰক্ষী চকীৰ অন্তৰ্গত ন-সত্ৰত দুই ফৈদৰ সংঘাতত প্ৰাণ গ’ল লোকজনৰ। বাৰেক আলী নামৰ লোকজনক দাৰে আক্ৰমণ।দাক ঘাপত ঘটনাস্থলীতে নিহত হয় বাৰেক আলী(Land centric clash)।
জানিব পৰা মতে, সম্বন্ধীয় ভাতৃ জহিৰ আলী, মহিৰ আলী, জছমত আলীয়ে কৰে আক্ৰমণ। ঘটনাৰ তদন্ত আৰম্ভ অভয়াপুৰী আৰক্ষীৰ।
জানিব পৰা মতে,বুধবাৰে পুৱা বাৰেক আলী ঘৰৰ পৰা ওলাই আহোতে চকুত জলকীয়াৰ গুৰি চটিয়াই বাৰেক আলীৰ সম্বন্ধীয় ভাতৃ জহিৰ আলী ,মহিৰ আলী আৰু জছমত আলীয়ে পিছফালত পৰা দাৰে আক্ৰমণ কৰে ফলত ঘটনাস্থলীতে নিহত হয় বাৰেক আলী।ইফালে দুই ফৈদৰ সংঘাতত গুৰুতৰভাৱে আহত দুজন।আহত দুজনৰ এজনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হয়।