Local, Vocal, Global

Health benefits of Ridge Gourd : হজমৰ পৰা ওজন হ্ৰাসলৈ, বহু ৰোগৰ ঔষধ জিকা

গ্ৰীষ্মকাল আহিল মানে বজাৰত জিকাৰ দিন । আমি বহুতেই জিকাক সাধাৰণ বুলিও ভাবি লওঁ যদিও জিকা অতি স্বাস্থ্যসন্মত পাচলি। ইয়াত পোৱা পুষ্টিবোৰে আমাৰ শৰীৰক বহুতো ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। জিকাত ভিটামিন-চি, ফাইবাৰ, প্ৰ’টিন, ছডিয়াম, ভিটামিন-বি৬ আদি পুষ্টি থাকে।

জিকা খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক(Health benefits of Ridge Gourd)

হজম স্বাস্থ্যকৰ হয়

জিকা পেটৰ বাবে অতি উপকাৰী। জিকাত থকা আঁহে পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে। জিকা খালে আপুনি কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ দৰে সমস্যাৰ পৰাও সকাহ পাব পাৰে।

ৰক্তহীনতা প্ৰতিৰোধ

জিকাত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। সেয়েহে, জিকা খালে শৰীৰত হিমোগ্লোবিনৰ স্তৰ বৃদ্ধি হয় আৰু শৰীৰত তেজৰ অভাৱ দূৰ হয়।

ওজন হ্ৰাস

শৰীৰৰ ওজন হ্ৰাসতো জিকায়ে গুৰুতৰ ভূমিকা পালন কৰে।ইয়াত থকা আঁহে পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি কৰি ৰাখে। সেয়েহে, যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেনেহ’লে জিকা খোৱা আৰম্ভ কৰিব পাৰে।

নিয়ন্ত্ৰণত থাকিব ৰক্ত শৰ্কৰা

ডায়েবেটিছ ৰোগীৰ বাবেও জিকা খোৱাটো খুব উপকাৰী।কিয়নো, জিকাত পোৱা পেপটাইড আৰু এলকেলইডে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

জিকাত ভিটামিন-চি আৰু বহুতো এণ্টিঅক্সিডেণ্ট থাকে।যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।সেয়েহে, জিকা খাই আপুনি বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে।