Local, Vocal, Global

Road Accident In Lumding : মাকৰ সৈতে পূজা চাবলৈ গৈ ওভতি নাহিল পুত্ৰ

নিউজ ডেস্ক,১২অক্টোবৰ : পূজাৰ আনন্দ উল্লাহৰ মাজতে লামডিঙত শোকাৱহ দুৰ্ঘটনা ।

জানিব পৰা মতে, পূৱ লামডিং পঞ্চায়তৰ অন্তৰ্গত জংগলী কালিবাড়িৰ সন্তোসী মা টিলাৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ AS 02 Z 9056 নম্বৰৰ টিভিএচ আপাচি বাইক আৰু AS 31 D 4394 টিভিএচ এন্ট্ৰক স্কুটিৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত নিহত হয় দুজন(Road Accident In Lumding)।

নিহত দুগৰাকী মুৰাবস্তিৰ নিৱাসী কৃষ্ণ দাস আৰু পূৱ লামডিঙৰ নিৱাসী হিৰা গৌৰ বুলি জানিব পৰা গৈছে ৷

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় দিনেশ পাল আৰু ৰীতা ৰাণী দাস। আহত দুয়োকে লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে অন্য় হাস্পতাললৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, দুৰ্গা পূজা চাবলৈ বুলি মাক ৰীতা ৰাণী দাসক লৈ ওলাই আহিছিল পুত্ৰ কৃষ্ণ দাস। সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

লগতে পঢ়ক : Road Accident In Jorhat : যোৰহাটৰ অজন্তা বাইবাছত ভয়ংকৰ পথ দুৰ্ঘটনা