Theft at temple in Jamugurihat : এইবাৰ চোৰে হাত দিলে মন্দিৰত; ভগৱানলৈও ভয় নাই চোৰৰ

নিউজ ডেস্ক,৭অক্টোবৰ : এইবাৰ চোৰে হাত দিলে মন্দিৰত । ভগৱানলৈও ভয় নাই চোৰৰ । জামুগুৰিহাটত মন্দিৰত চুৰিকাণ্ড।দেওবাৰে নিশা জামুগুৰিহাটৰ মহেখাতি গাঁৱৰ নামঘৰত চোৰে চলালে লুটপাত।
চোৰে নামঘৰৰ লগতে মনিকুটৰ ভিতৰত প্ৰৱেশ কৰি নগদ ধনৰ লগতে কাঁহ,পিতলৰ লক্ষাধিক টকাৰ সামগ্ৰী লৈ উধাও।দুৰ্বৃত্তৰ দলে নামঘৰত থকা গুণমালা পুথি ফালিচিৰি লণ্ডভণ্ড কৰে(Theft at temple in Jamugurihat)।
পুৱাৰ ভাগত গাঁও ৰাইজে চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হঠবাক হৈ পৰে আৰু এইদৰে ধৰ্ম মন্দিৰৰ সংঘটিত চুৰিকাণ্ডক একেমুখে গৰিহণা দিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে গাঁওবাসী ৰাইজে।