Durga Puja 2024 : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত এটা দিন;দুৰ্গোৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটো ব্যাপক প্ৰস্তুতি
![](https://mynewsne.com/wp-content/uploads/2024/10/noname-97-750x430.jpg)
জামুগুৰিহাট,৭অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত এটা দিন। দুৰ্গোৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটো ব্যাপক প্ৰস্তুতি। জামুগুৰিহাটৰ তৌভঙা বনিক সন্থাৰ সৌজন্যত শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপনৰ ব্যাপক আয়োজন চলিছে(Durga Puja 2024)৷
শাৰদীয় দূৰ্গোৎসৱক আদৰিবলৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে পূজা উদযাপন কমিটি সমূহৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলৰ ।
১৯৭০ চনতেই আৰম্ভ হোৱা এই শ্ৰীশ্ৰী মা দূৰ্গাৰ পূজা উৎসৱ ভাগ আজি পৰ্যন্ত উলহ মালহৰে উদযাপন কৰি অহা হৈছে ।সেয়েহে টৌভঙা বনিক সন্থাৰ সভাপতি দেৱ ঘিমৰে আৰু সম্পাদক নন্দেশ্বৰ নাতে ই সকলো শ্ৰেণীৰ ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।
লগতে পঢ়ক :Theft at temple in Jamugurihat : এইবাৰ চোৰে হাত দিলে মন্দিৰত; ভগৱানলৈও ভয় নাই চোৰৰ