Local, Vocal, Global

Mahalaya: আজি মহালয়া;ধৰাৰ বুকুলৈ দুৰ্গতিনাশিনী মা দুৰ্গাৰ আগমণ

নিউজ ডেস্ক,২অক্টোবৰ : আজি মহালয়া। ধৰাৰ বুকুলৈ দুৰ্গতিনাশিনী মা দুৰ্গাৰ আগমণ ।অশুভ শক্তিক বিনাশৰ বাবে ধৰালৈ আগমন দেৱী দুৰ্গাৰ।

দুর্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় মহালয়াৰ। হিন্দু পৌৰাণিক কাহিনী অনুসৰি এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। এই দিনটোতে ব্রহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূর্গাক নেত্র প্রদান কৰিছিল(Mahalaya)।

সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্র আঁকা হয়। পৃথিৱীলৈ দেৱী দূৰ্গাৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। দেৱী দুৰ্গাৰ প্ৰতিমাত আজি খনিকৰে তিনি নেত্ৰ অংকন কৰিব।

তিনি নেত্ৰৰ বাবেই দেৱী দুর্গাক ত্রিনয়নী দুর্গা বুলিও কোৱা হয়। এই তিনিটা চকুৰে আছে তিনি ভিন্ন মহত্ব। দেৱী দুৰ্গাৰ বাওঁ চকুৱে আকাংক্ষা বা চন্দ্ৰক প্ৰতিনিধিত্ব কৰে। সোঁ চকুৱে কার্য বা সূৰ্যৰ প্রতীকক প্ৰতিনিধিত্ব কৰে আৰু তৃতীয় চকুৱে জুই আৰু জ্ঞানক প্রতিনিধিত্ব কৰে।

এই চকু শিৱই দিয়া তৃতীয় চকু বা চেতনাৰ চকু। মান্যতা অনুসৰি এই মহালয়াৰ দিনটোতে মাদুর্গাই কৈলাসৰ পৰা মাতৃৰ গৃহলৈ বুলি আহে। দুর্গা পূজাৰ এটা সপ্তাহ পূর্বে এই মহালয়া উদযাপন কৰা হয়।

শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হোৱা এই মহালয়া পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয়।

লগতে পঢ়ক :National Pension System Diwas: আজি ৰাষ্ট্ৰীয় পেন্সন নীতি দিৱস