Local, Vocal, Global

Daily Horoscope for 2nd October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হব। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব।

বৃষ ৰাশি : আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। আপোনাৰ স্বাস্থ্য আৰু আত্ম-বিশ্বাসঅৰ উন্নতি হ’ব। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘুৰাব নোৱাৰি বিপদত পৰিব পাৰে। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব অকল আপোনাৰ এক ভাল কামৰ সলনি। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে।

মিথুন ৰাশি : আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। আপুনি এনেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। প্ৰেমীক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেত আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়।আপোনাৰ জীৱন লগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব।

কৰ্কট ৰাশি : যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। আপোনাাৰ সন্তান আপোনাৰ মন আৰু ধ্যান সদায় সিহঁতৰ পিনে আকৰ্ষিত কৰিব বিচাৰে কিন্তু সিহঁতেই যে এই সুখৰ কাৰণ। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। আজি আপোনাৰ লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে।

সিংহ ৰাশি : ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফঁচিব পাৰে। আপোনাৰ অতি কাল্পনিক যোজনা সমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। যদি আজি আপুনি আপোনাৰ পৰিচিত লোক সকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে ,তেন্তে আপোনাৰ হিতৰ হানি হব পাৰে। পৰিস্থিতিৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভাল কৈ ভাৱি চিন্তি লওক।

কন্যা ৰাশি : মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোয়ে ভাল দিন ।আপুনি বুজিব লাগে যে মাদক দ্ৰৱ্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হব। আপুনি আপোনাৰ একঘেমীয়া দিনৰ ব্যস্ততাৰ পৰা অলপ অৱসৰ লোৱা উচিত আৰু বন্ধু-বান্ধৱীৰ লগত বাহিৰত ফুৰিব যাওক। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। কামত আপুনি অধিক লাভান্বিত হব পাৰে।

তুলা ৰাশি : ডিঙি/ ককাঁলত অনবৰতে বিষ হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত আপুনি সমস্যা পাই থাকিব।আজিৰ দিনা বিশ্ৰাম কৰাটো বহুত জৰুৰী। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি : বিজয়ী হোৱাৰ আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুন কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্য সকল সৰু এটা কথা লৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ বাবে ভাল দিন। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব ।

ধনু ৰাশি : আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব।

মকৰ ৰাশি : আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। অফিচত আপোনাৰ পৰোপকাৰী আৰু সহযোগী ব্যৱহাৰৰ বাবে বিচৰা ধৰণৰ ফলাফল আহিব ,আপুনি আৰু বহুত দায়িত্ব লাভ কৰিব আৰু আপোনাৰ উন্নতি হব।

কুম্ভ ৰাশি : নিজৰ চিন্তা ধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে ,অকল আকাশত চাং পাতি থাকিলে একো নহ’ব । এতিয়া আপোনাৰ লগত এইটোয়ে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছা হে কৰে। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে ,যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে।

মীন ৰাশি : দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। আপোনাৰ মাা-দেউতাৰ স্বাস্থ্যৰ চিন্তা আৰু ভয় আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।