Rs 7000 Cr DB Stock Broking scam: প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ। পিতৃ চবিন বৰ্মন, মাতৃ দিপালী তালুকদাৰক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে। মহেশ আগৰৱাল নামৰ দীপাংকৰ বৰ্মনৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট এগৰাকীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আজি পাণবজাৰ থানালৈ তলব কৰা হৈছিল দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক। বিনিয়োগকাৰীৰ অভিযোগৰ ভিত্তিত থানাত দুয়োজনকে জেৰা আৰক্ষীৰ। দীপাংকৰ বৰ্মনৰ সকলো কু-কীৰ্তিৰ বিষয়ে অৱগত পিতৃ-মাতৃ(Rs 7000 Cr DB Stock Broking scam)।
উল্লেখ্য যে, DB STOCK BROKING কোম্পানীৰ নামত কোটি কোটি টকা লুণ্ঠন কৰিলে দীপাংকৰ বৰ্মনে। কেৱল অসমতে নহয় অষ্ট্ৰেলিয়াৰো বিনিয়োগকাৰী আছে DB STOCK BROKING ।চিট ফাণ্ড কেলেংকাৰীৰ নামত কোটি কোটি টকা লুটি পলায়ন কৰিছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন।
দীপাংকৰ বৰ্মন নামৰ প্ৰৱঞ্চকটোৰ জালত পৰি কোটিপতি হোৱাৰ আশাত শ শ লোকে ধন বিনিয়োগ কৰিছিল DB STOCK BROKING কোম্পানীত। বহুতে বেংকৰ সাঁচতীয়া ধন আনি বিনিয়োগ কৰিছিল ডি বি ষ্টক ব্ৰ’কিঙত। কিন্তু তাৰ পিছত হেৰুৱাবলগীয়া হৈছিল সকলো।
উপায়হীন হৈ অৱশেষত গুৱাহাটী আৰক্ষীৰ কাষ চাপিছে DB STOCK BROKINGৰ গ্ৰাহকে। গ্ৰাহকে ধন ঘূৰাই নাপাই ঘেৰাও কৰে জালুকবাৰীস্থিত প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰ। দীপাংকৰৰ পিতৃকো আক্ৰমণ কৰে ক্ষুব্ধ গ্ৰাহকে। ইফালে, প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে অসম এৰি পলায়নৰ সন্দেহ কৰা হৈছে(DB Stock Owner Dipankar Barman Suspected of Planning to Flee Country)।
অৱশ্যে ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ তৎপৰতাত দীপাংকৰ বৰ্মনৰ ভিছা বাতিল কৰা হয়।