Local, Vocal, Global

Bhutan Releases Six Members Of Banned Separatist Outift NDFB From Prison : মুকলি কৰি দিলে এন ডি এফ বিৰ ভূটানৰ কাৰাগাৰত বন্দী হৈ থকা ৬ কেডাৰক

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : শুকুৰবাৰে মুকলি কৰি দিলে এন ডি এফ বিৰ ভূটানৰ কাৰাগাৰত বন্দী হৈ থকা ৬ কেডাৰক । এই কেডাৰসকলক মুকলি কৰাৰ ক্ষেত্ৰত বি টি আৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে মুখ্য ভূমিকা গ্ৰহণ কৰে । প্ৰমোদ বড়োৰ প্ৰচেষ্টাতে দীৰ্ঘদিন ধৰি ভূটানৰ কাৰাগাৰত বন্দী হৈ থকা এন ডি এফ বিৰ সদস্যকেইজনে মুক্তিলাভ কৰে(Bhutan Releases Six Members Of Banned Separatist Outift NDFB From Prison)।

বি টি আৰ প্ৰধানগৰাকীয়ে শুকুৰবাৰে নিশা ভূটান চৰকাৰৰ সৈতে আলোচনাত মিলিত হয় আৰু চৰকাৰৰ পৰামৰ্শৰ পিচত দীৰ্ঘদিন ধৰি ভূটানৰ কাৰাগাৰত বন্দী হৈ থকা বন্দীকেইজনক মুকলি কৰি দিয়া হয় । ভূটান ৰয়েল আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিচত তেওঁলোকক দাৰাগন-গেলেফু সীমান্তত ভাৰতীয় প্ৰশাসনক প্ৰত্যাৰ্পণ কৰায় ।

আনহাতে, বন্দীকেইজনৰ মুক্তিৰ কথা উল্লেখ কৰি ৰয়েল ভূটান আৰক্ষীয়ে কয়, “ভূটানত কাৰাগাৰৰ শাস্তি ভোগ কৰি থকা ৬ কয়দীক ২০ ছেপ্টেম্বৰত আমাৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া হৈছে । বন্দীকেইজনক প্ৰাক্তন এন ডি এফ বি ফ’ৰাম কৰ্তৃপক্ষক হস্তান্তৰ কৰা হৈছে ।”

লগতে পঢ়ক : Sri Lanka presidential elections : শ্ৰীলংকাত আৰম্ভ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ ;শনিবাৰে পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া