Local, Vocal, Global

Road accident in Morigaon : শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি ল’লে যুৱ চিকিৎসকে

নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : এক শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি ল’লে যুৱ চিকিৎসকে।

মৰিগাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো । এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্য়ু হয় মৰিগাঁৱৰ ২৭ বছৰীয়া যুৱ চিকিৎসক শুভজিৎ বৰাৰ ।

জানিব পৰা মতে, শনিবাৰে বিয়লি চাবুকধৰা ৰাজ্যিক চিকিৎসালয়ত কৰ্ম সম্পাদন কৰি ঘৰলৈ ঘূৰি অহাৰ পথত মিকিৰভেটাৰ ওৱাবৰিত মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছিল সৰবৰহী যুৱ চিকিৎসক গৰাকী(Road accident in Morigaon)।

দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় চিকিৎসক গৰাকী । আহত চিকিৎসক গৰাকীক ততাতৈয়াকৈ দিছপুৰ চিকিৎসাললৈ প্ৰেৰণ কৰে যদিও ৰবিবাৰে সন্ধিয়া মৃত্যুক সাৱটি লয় চিকিৎসক গৰাকীয়ে । অতি মেধাসম্পন্ন যুৱক শুভজিৎ বৰাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন পূৰ্বে চাবুকধৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক হিচাপে যোগদান কৰিছিল।

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে পিতৃক হেৰুওৱা যুৱ চিকিৎসক গৰাকীয়ে মৃত্যুৰ সময়ত মাতৃ আৰু একমাত্ৰ ভগ্নীক এৰি থৈ গৈছে।

লগতে পঢ়ক :Assam Photo journalist Luit Chaliha is no more : বিশিষ্ট ফটো সাংবাদিক লুইত চলিহাৰ দেহাৱসান