Dead Body recovered in Morigaon : পুখুৰীত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।
এইবাৰ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত কালিকাজাড়ীত এটা পুখুৰীৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । পুৱাই স্থানীয় ৰাইজে পুখুৰীটোত বিবস্ত্ৰ অৱস্থাত মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত মিকিৰভেটা আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লেগ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Dead Body recovered in Morigaon)৷
কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি মহিলাগৰাকীৰ মৃতদেহটো উক্ত স্থানত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ ইফালে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মহিলাগৰাকী মৃগী ৰোগত আক্ৰান্ত আছিল ৷ তেওঁ নিশা ঘৰৰ পৰা ওলাই আহিছিল । বহু সময়লৈকে তেওঁ ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰে ৷
ইয়াৰ পাছতেই আজি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ খবৰ লাভ কৰাৰ পাছতেই পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷