Local, Vocal, Global

Allegation of online trading against woman in Musalpur : বাক্সাত পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰি;কেইবা কোটি টকা আত্মসাৎ কৰি পলাতক মহিলা

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : বাক্সাত পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰিৰ ঘটনা । কেইবা কোটি টকা আত্মসাৎ কৰি পলাতক এগৰাকী মহিলা ।ট্ৰেডিং প্ৰৱঞ্চনাৰে বিশাল সম্পত্তিৰ অধিকাৰী হৈছে মাইনাও ব্ৰহ্ম নামৰ মহিলাগৰাকী। কোটি কোটি টকা আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ।মাইনাও ব্ৰহ্ম নামৰ মহিলাগৰাকীৰ সন্ধান পোৱা নাই ভুক্তভোগীয়ে । প্ৰাপ্য ধন বিচাৰি আৰক্ষীৰ ওচৰ চাপিল ভুক্তভোগী(Allegation of online trading against woman in Musalpur)।

কম সময়ত সহজে অধিক লাভৰ আশাত প্ৰায় আঠ হাজাৰ গ্ৰাহকে মুছলপুৰৰ এগৰাকী মহিলাৰ ওচৰত কোটি কোটি টকা জমা কৰাৰ পিছত এতিযা মহিলাগৰাকীক বিচাৰি হাবাথুৰি খাইছে প্ৰতাৰিত লোকসকলে । লগতে ভাইৰেল হৈ পৰিছে মহিলাগৰাকীৰ এখন বিশেষ ফটো ৷ যিখন ফটোৱে কি হাৰত মহিলাগৰাকীয়ে ধন সংগ্ৰহ কৰিছিল সেয়া সহজেই অনুমান কৰিব পাৰি ।

কোটি কোটি টকা সংগ্ৰহ কৰি পলাতক অৱস্থাত থকা মহিলাগৰাকী হৈছে মাইনাও ব্ৰহ্ম ৷ এই মহিলাগৰাকীয়ে গ্ৰাহকৰ জমা ধনৰ অধিক লাভ দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় এশ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

শেষত উপায়ন্তৰ হৈ একাংশ গ্ৰাহকে দেওবাৰৰ নিশা বাক্সাৰ সদৰ মুছলপুৰ আৰক্ষী থানাত প্ৰৱঞ্চক মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ গ্ৰাহকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি তেওঁলোকৰ কোটি কোটি টকা জমা ধন আদায় কৰি দিবলৈ বাক্সা আৰক্ষীক অনুৰোধ জনায়(Allegation of online trading against woman in Musalpur)।

লগতে পঢ়ক :Road accident in Morigaon : মৰ্মান্তিক দুৰ্ঘটনা;নিহত ডেৰ বছৰীয়া শিশু