Local, Vocal, Global

Fake currency notes seized : বঙাইগাঁৱত জব্দ নকল নোট;আটক এজন

নিউজ ডেস্ক,৫ছেপ্তেম্বৰ : অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গ্ৰাম্য আৰু চৰাঞ্চলত বৰ্তমান নকল টকাৰ প্ৰয়োভৰ। একাংশ দুষ্ট চক্ৰই নকল টকা তথা জালনোটৰ জৰিয়তে লুণ্ঠন চলাই আছে সাধাৰণ ৰাইজক। বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দি সহজ সৰল লোকক কিছু তন্ত্ৰ মন্ত্ৰ দেখুৱাই নকল টকাৰ জৰিয়তে লুণ্ঠন কৰি অহাৰ অভিযোগ। দীৰ্ঘদিন দিনৰ পৰা জালনোটৰ জৰিয়তে চলাই আছিল নিজৰ ৰমৰমীয়া ব্যৱসায়।

এইবাৰ বঙাইগাঁৱত নকল নোটৰ ৰমৰমীয়া বেহা ।বঙাইগাঁৱত নকল নোটসহ এজনক আটক GRPৰ(Fake currency notes seized)।

আৰক্ষীয়ে প্ৰায় ১ লাখ ৭৮ হাজাৰ ৫০০ টকাৰ নকল নোট জব্দ কৰে । আৰক্ষীয়ে আটক কৰা লোকজন চাবিৰ বুলি জানিব পৰা গৈছে ।

নকল নোটখিনি কঢ়িয়াই লৈ ফুৰাৰ সময়তে আটক কৰে চাবিৰক। আটকাধীন চাবিৰৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Teachers’ Day: আজি শিক্ষক দিৱস; প্ৰতিগৰাকী শিক্ষাগুৰুলৈ অযুত শুভকামনা