Assam Man Dies In Delhi : বহি:ৰাজ্যত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু জামুগুৰিহাটৰ দীপক লুংগেলীৰ
জামুগুৰিহাট,৩ছেপ্তেম্বৰ : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ লোকৰ ।
প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam Man Dies In Delhi)।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা((Assam Man Dies In Delhi))।
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ লোকৰ । বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু মৃত্যু জামুগুৰিহাটৰ ব্যক্তিৰ। জামুগুৰিহাটৰ তৌভঙাৰ বামুণীপাম গাঁও নিবাসী দীপক লুংগেলী(৪৫) নামৰ লোকজনে কৰ্মসূত্ৰে দিল্লীত এটা কোম্পানীত কৰ্মৰত আছিল। যোৱা ১ আগষ্টত দিল্লীৰ নিজ কোঠাত বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ হেৰুৱাই লোকজনে।
আজি দীপক লুংগেলী নিথৰ দেহ দিল্লীৰ পৰা জামুগুৰিহাটৰ বামুনিপামৰ নিজ গৃহলৈ অনাত পৰিয়ালটিৰ মাজত শোকাকুল পৰিবেশ সৃষ্টি হোৱাৰ লগতে অঞ্চলটো শোকৰ ছাঁ পৰিছে। দুই কন্যা সন্তানক ইহ সংসাৰত এৰি এই দৰে অকাল মৃত্যু সাৱটি লোৱাত এতিয়া কন্যা সন্তান দুটিক চোৱাচিতা কৰাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ । সেয়েহে পৰীয়াল বৰ্গই স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী লৈ কন্যা সন্তান দুটিৰ বাবে সহায় বিচাৰিছে৷
লগতে পঢ়ক : Food poisoning case in Mangaldoi : খাদ্যত বিষক্ৰিয়া; অসুস্থ একেখন ঘৰৰ তিনি গৰাকীকৈ লোক