Food poisoning case in Mangaldoi : খাদ্যত বিষক্ৰিয়া; অসুস্থ একেখন ঘৰৰ তিনি গৰাকীকৈ লোক
মঙলদৈ, ৩ছেপ্তেম্বৰ : খাদ্যত বিষক্ৰিয়া। খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ একেখন ঘৰৰ তিনি গৰাকীকৈ লোক। অসুস্থ হয় পিতৃ,মাতৃ আৰু পুত্ৰ ।
মঙলদৈত সংঘটিত হৈছে এই ঘটনটো । মঙ্গলদৈ ভেৱাৰঘাট ৯ নং ওৱাৰ্ডৰ দুৰ্গেশ্বৰ দাস,প্ৰাঞ্জীত দাস আৰু মাতৃ অৰ্পনা দাস ভাত খোৱাৰ পিছৰে পৰাই অসুস্থ হৈ পৰে(Food poisoning case in Mangaldoi)।
অৱশেষত তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মেনেজাৰ আহি গোটেই কেইজনকে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই কি খাদ্যত বিষক্ৰিয়া হৈ আটাইকেইজন অসুস্থ হয়।
লগতে পঢ়ক : Drone, arms recovered in Manipur : মণিপুৰত ড্ৰোণসহ উদ্ধাৰ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ