Local, Vocal, Global

Drone, arms recovered in Manipur : মণিপুৰত ড্ৰোণসহ উদ্ধাৰ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ

নিউজ ডেস্ক,৩আগষ্ট : পুনৰ অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান ।

মঙলবাৰে কাংপকপি জিলাৰ দুটা স্থানত অভিযান চলাই । অভিযানত নিৰাপত্তা বাহিনীয়ে এখন ড্ৰোণসহ জব্দ কৰে বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ ।

অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে খাইৰাম ভাইফেই এলেকাৰ পৰা ড্ৰোণখন উদ্ধাৰ কৰাৰ বিপৰীতে কাংচুপ পনলেন এলেকাৰ পৰা উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰখিনি(Drone, arms recovered in Manipur)।

নিৰাপত্তা বাহিনীয়ে কাংচুপ পনলেন এলেকাৰ পৰা জব্দ কৰা মাৰণাস্ত্ৰ ভিতৰত আছে ১০টা চিংগল ব’ৰ বেৰেল গান, ১টা ইম্প্ৰভাইজড মৰ্টাৰ, ৯টা ইম্প্ৰভাইজড মৰ্টাৰ বেৰেল, ২০টা জেলেটিন ষ্টিক, ৩০টা ডিটনেটৰ, ১০ মিটাৰ ফিউজ, ২টা কান্ত্ৰি মেড ৰকেট, ২ কিলোগ্ৰাম লিড শ্বট, ৯৪টা ফায়াৰ কেছ, ৫ টা ৰেডিঅ’ চেটসহ বহু আপত্তিজনক সামগ্ৰী ।

অৱশ্যে এই সমূহ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিলেও মাৰণাস্ত্ৰ লুকুৱাই ৰখা কোনো লোককে আটক কৰিবলৈ সক্ষম হোনা নাই নিৰাপত্তা বাহিনীয়ে।

লগতে পঢ়ক : Bhramyaman theatre : ভ্ৰাম্যমাণ থিয়েটাৰত চাৰ্কাছ কিয় লাগে ?