Local, Vocal, Global

Food poisoning in Bezara : বেজেৰাত প্ৰসাদত বিষক্ৰিয়া;অসুস্থ শিশুসহ ৪০ গৰাকীকৈ লোক

নিউজ ডেস্ক,৭আগষ্ট : খাদ্যত বিষক্ৰিয়া । অসুস্থ শিশুসহ ৪০ গৰাকীকৈ লোক।

কামৰূপ জিলাৰ বেজেৰাত সংঘটিত হৈছে অঘটন । বেজেৰাত খাদ‍্যত বিষক্ৰিয়া ৷ বিষক্ৰিয়াৰ ফলত প্ৰায় ৪০ গৰাকীকৈ লোক চিকিৎসাধীন হ’বলগীয়া হৈছে । আক্ৰান্ত লোকসকলৰ ১২ গৰাকীক ৰঙিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে(Food poisoning in Bezara) ।

জানিব পৰা মতে, কামৰূপ জিলাৰ বেজেৰা নিবাসী দীনবন্ধু নাথৰ ঘৰত দেওবাৰে গৃহপ্ৰৱেশ উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । এই অনুষ্ঠানটোত গৃহস্থই প্ৰসাদ হিচাপে বুট আৰু মগু আগবঢ়াইছিল ৷ সেয়া অনুষ্ঠানটোত উপস্থিত থকা লোকসকলে গ্ৰহণ কৰিছিল ।

দেওবাৰৰ দিনটোত কোনো লোকৰে একো হোৱা নাছিল যদিও সোমবাৰৰ দিনাখন শিশু-মহিলাসহ প্ৰায় ৪০ গৰাকী লোকৰ গাত খাদ‍্যৰ বিষক্ৰিয়া হোৱাৰ লক্ষণসমূহে দেখা দিয়ে । তাৰপিছত আক্ৰান্ত লোকসকলৰ অৱস্থাৰ অধিক অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এইমছ, বেজেৰা আৰু ৰঙিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

মঙলবাৰৰ নিশা ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আক্ৰান্তসকলৰ ১২ গৰাকী লোকক ভৰ্তি কৰোৱা হয় । চিকিৎসালয়খনত বৰ্তমান আক্ৰান্তসকলৰ চিকিৎসা অব্যাহত ৰখা হৈছে(Food poisoning in Bezara)।

লগতে পঢ়ক :Burmese Supari Seized in Merapani : মেৰাপানীত বলেৰ’ পিক আপ ভানসহ জব্দ বাৰ্মিজ চুপাৰী