Japanese Encephalitis : বৰপেটাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ

নিউজ ডেস্ক,২৩জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাটো জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ ৷ ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পাচতে পৰিলক্ষিত হৈছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ বৰপেটা জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগে গা কৰি উঠাৰ পিচতে জিলাখনৰ স্বাস্থ্য বিভাগ তৎপৰ হৈছে ৰোগ প্ৰতিৰোধৰ বাবে ৷
বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পৰেশ চন্দ্ৰ কলিতাই জানিবলৈ দিয়া অনুসৰি জিলাখনত জাপানীজ এনকেফেলাইটিছৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷
যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, “বৰপেটা জিলাত ৩৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে ১৮ গৰাকী লোকৰ জাপানীজ এনকেফেলাইটিছ পজিটিভ বুলি চিনাক্ত হৈছে । ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছত এজন আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত তিনি জনৰ মৃত্যু হৈছে । এই বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ২২ জুলাই পৰ্যন্ত মন্দিয়াত এজন, নগাঁৱৰ পানী মৰিছাৰ এজন আৰু চেঙাত দুজন ৰোগীৰ মৃত্যু ঘটিছে ৷”আনহাতে, জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগতো ১৮ গৰাকীয়ে ভুগি আছে ৷
বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত দুজন আৰু গুৱাহাটীৰ এপ’ল’ চিকিৎসালয়ত এজন জাপানীজ এনকেফেলাইটিছ ৰোগী চিকিৎাধীন হৈ আছে ৷
লগতে পঢ়ক : Tragic Road Accident in Karimganj : অট’ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৫জন,আহত এজন