Dead body recovered in Guwahati : কলংপাৰ বজাৰৰ সমীপৰ নলাত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২৩জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Dead body recovered in Guwahati)।
বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।
যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত । পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ ব্যক্তিৰ মৃতদেহ। মঙলবাৰে মহানগৰীৰ নাৰেংগীৰ নলাত উদ্ধাৰ মৃতদেহ ।
জানিব পৰা মতে, নাৰেংগীৰ কলংপাৰ বজাৰৰ সমীপৰ নলাত উদ্ধাৰ হয় মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটো নাৰেংগীৰ অনুকূল বস্তিৰ ছাইদুল আলী বুলি চিনাক্ত কৰা হৈছে ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ কাৰণ ।
লগতে পঢ়ক : Japanese Encephalitis : বৰপেটাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ