Local, Vocal, Global

Woman Dies As Portion Of Mumbai Building Collapses After Heavy Rain : শোকাৱহ ঘটনা;বেলকনী খহি মৃত্যু মহিলাৰ;আহত ৪জন

নেশ্যনেল ডেস্ক,২১জুলাই : এক শোকাৱহ ঘটনা । বেলকনী খহি মৃত্যু মহিলাৰ ।

দক্ষিণ মুম্বাইত সংঘটিত হৈছে এই ঘটনটো । শনিবাৰে দক্ষিণ মুম্বাইৰ গ্ৰেণ্ট ৰোড ৰেলৱে’ ষ্টেচনৰ শ্লেটাৰ ৰোডস্থিত এটা চাৰিমহলীয়া আৱাসিক অট্টালিকাত এগৰাকী বয়োজ্যেষ্ঠ মহিলাই কৰুণ মৃত্যুক আঁকোৱালি লয় আৰু কেইবাজনো লোক আহত হয়(Woman Dies As Portion Of Mumbai Building Collapses After Heavy Rain)।

উল্লেখযোগ্য যে, দক্ষিণ মুম্বাইত চাৰিমহলীয়া গাঁথনিৰ দ্বিতীয় আৰু তৃতীয় মহলাত থকা বাৰান্দা আৰু শ্লেবৰ কিছু অংশ আংশিকভাৱে খহি পৰিছিল আৰু কিছুমান অংশ বিপজ্জনকভাবে ওলমি আছিল। সেই সময়তে হঠাতে বেলকনী খহি পৰে আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।

অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই সংবাদ সংস্থা ‘পিটিআই’ক জনোৱা তথ্য অনুসৰি বেলকনীৰ কিছু অংশ খহি পৰাৰ ফলত চাৰিজন লোক আহত হৈছিল। তেওঁলোকক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ত এগৰাকী মহিলাক মৃত বুলি ঘোষণা কৰা হৈছিল। আনহাতে আন তিনিজন এতিয়াও চিকিৎসাধীন হৈ আছে।

বিষয়াজনে লগতে উল্লেখ কৰে যে মহাৰাষ্ট্ৰ গৃহ আৰু অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা পৰিচালিত এই ভৱনটো পূৰ্বতে বৃহন্মুম্বাই পৌৰ নিগমে ‘অসুৰক্ষিত’ বুলি চিনাক্ত কৰিছিল, যিয়ে ইয়াৰ অৱস্থা সম্পৰ্কে সতৰ্কবাণী জাৰি কৰিছিল। ঘটনাটোৰ পাছত সাতজন আৱদ্ধ ব্যক্তিক ভৱনটোৰ পৰা উদ্ধাৰ কৰা হৈছিল বুলি বিষয়াজনে নিশ্চিত কৰিছে(Woman dead, three injured after part of building’s balcony collapses in Mumbai)।

লগতে পঢ়ক : Shooting forest department in Bokajan : চোৰাং কাঠ সৰবৰাহকাৰীৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা