Local, Vocal, Global

Road Accident in Sonapur : ডাম্পাৰত খুন্দা ট্ৰেইলাৰৰ

সোণাপুৰ,১১জুলাই : ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰত খুন্দা ট্ৰেইলাৰৰ ।

সোণাপুৰৰ পাটৰকুচিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে  সোণাপুৰৰ পাটৰকুচিৰ 37 নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে, একে অভিমুখে আহি থকা ডাম্পাৰক খুন্দা মাৰে ট্ৰেইলাৰে। AS 01 NC 5628 নম্বৰৰ জাগীৰোড অভিমুখি ট্ৰেইলাৰখনে একেদিশে গৈ থকা এখন ডাম্পাৰৰ পিছফালে প্ৰচন্দ জোৰে খুন্দা মাৰে ।
ফলত ট্ৰেইলাৰখনৰ চালকজন আহত হয় । আহত লোকজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Road Accident in Sonapur) ।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত সোণাপুৰ যান বাহন আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : Elephant menace in Silapathar : চিলাপথাৰত বন্যহস্তীৰ ত্ৰাসত শংকিত কৃষক ৰাইজ