Local, Vocal, Global

Elephant menace in Silapathar : চিলাপথাৰত বন্যহস্তীৰ ত্ৰাসত শংকিত কৃষক ৰাইজ

নিউজ ডেস্ক, ১১জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Silapathar) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক চিলাপথাৰত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ।

চিলাপথাৰ অঞ্চলত বানৰ সন্ত্ৰাসৰ সমান্তৰালকৈ অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। নৈপৰীয়া সোনাৰীঘাট আৰু মেধীপমুৱাত এটা বন্যহস্তীৰ জাকৰ মুক্ত বিচৰনে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বুধবাৰে নিশা এটা হাতীৰ জাকে অঞ্চলটোৰ সোনাৰীঘাট আৰু মেধীপমুৱাত উপস্থিত হয়।

হাতীৰ দলটোৱে গাঁও দুখনৰ ক্ৰমে ৰাজেশ পাইত,ৰাজেন জীমে,তৰাফুল জীমে আৰু মলধৰ পেগুৰ ঘৰৰ চৌহদত চলালে সন্ত্ৰাস। এফালৰ পৰা বাৰীৰ কলগছ,অমিতাৰ পৰা ধানৰ ভঁড়াল আৰু পাচলিবাৰী মহতীয়াই তচনচ কৰে। শূঁৰৰ সহায়ত ঘৰ ভাঙি চাউল -পাত,গেছ ষ্টোভ আদি ঘৰৰ সকলো ব্যৱহাৰ্য্য ৰচদ পাতি টানি গচকি ফেঁনেকি একাকাৰ কৰে। মুৰে কঁপালে হাত দিছে বানাক্ৰান্ত গঞাই ।

এফালে বানৰ আতংক আৰু আনফালে হাতীৰ আতংক। হাতীৰ আক্ৰমণৰ আশংকাত বিনিন্দ্ৰ ৰজনী কটাইছে গঞাই। সঘন বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খাদ্য আৰু বিচৰনভূমিৰ তীব্ৰ নাটনিৰ বাবে মানুহৰ মাজত সোমাই পৰি আতংকৰ কাৰক হৈ পৰিছে।

কিছুদিনৰ পুৰ্বেও অঞ্চলটোৰ ৰিতা দলে,ৰাজীৱ পেগু,মেতেৰা কাৰ্দং,গনেশ্বৰ পেগু প্ৰদীপ দলে,লক্ষ্যনাথ দলে,আজ্ঞনন্দ দলে নিৰানন্দ দলে,ৰোহিনী কাৰ্দং,টংকেশ্বৰ জীমে,ৰাজীৱ পেগু,মনি পেগু। আৰু চানেকি টায়েৰ নাৰীৰ ফচল আৰু ভড়ালৰ ধানৰ বিস্তৰ অনিষ্ট সাধন কৰে । নৈপৰীয়া অঞ্চলটোৰ আতংকৰ কাৰক হৈ পৰা বন্যহস্তীৰ জাকটোৰ পৰা সুৰক্ষা দিয়াৰ লগতে ক্ষতিগ্ৰস্তক সাহাৰ্য প্ৰদানৰ দাবী জনাইছে ভোক্তভূগি ৰাইজে।

লগতে পঢ়ক : Road Accident in Guwahati : মহানগৰীৰ গণেশগুৰিৰ উৰণ সেঁতুত ভয়ংকৰ দুৰ্ঘটনা