এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা এদল উদণ্ড যুৱকৰ!

নিউজ ডেস্ক ১১জুলাই : পুনৰ আন এক ভয়ংকৰ ঘটনাই জোকাৰিছে ৰাজ্য। এজন যুৱকক মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা এদল উদণ্ড যুৱকৰ। ১১-১২ জনীয়া যুৱকৰ দলৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গল ২৪ বছৰীয়া কমল সোণাৰ নামৰ এজন যুৱকৰ। ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। দ্বীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱকৰ নেতৃত্বত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি বুধবাৰে নিশা দ্বীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনে ১১-১২ জনীয়া যুৱকৰ দলক লগত লৈ এখন দোকানৰ ভিতৰত কমল সোণাৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে নিশা এই ঘটনা সংঘটিত হোৱাৰ পাছতে আহত যুৱকজনক ততাতৈয়াকৈ চিকিতসালয়লৈ নিয়া হয় যদিও বৃহস্পতিবাৰে পুৱাৰভাগত কৰুণ মৃত্যুক সাৱটি লয় যুৱকজনে।