Local, Vocal, Global

মৰাণৰ চেঁচাপুখুৰীত ভয়ংকৰ ঘটনা

মৰাণ,২৪জুন : মৰাণৰ আলিমূৰা চেঁচাপুখুৰী গাঁৱত ভয়ংকৰ ঘটনা ৷ ঘৰুৱা পাইপ গেছ সংযোগী পাইপৰ পৰা য’তে-ত’তে গেছ নিৰ্গত হোৱাত চৰম আশংকাত দিন কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চেঁচাপুখুৰী গাঁৱৰ বিভিন্ন স্থানত বিগত প্ৰায় ডেৰ মাহ ধৰি গেছ পৰিবাহী পাইপৰ পৰা গেছ নিৰ্গত হৈ থকাত ৰাইজে মৰাণস্থিত অসম গেছ কোম্পানী লিমিটেডৰ কাৰ্যালয়ত অভিযোগ দিয়ে৷

কিন্তু AGCL-ৰ বিষয়া-কৰ্মচাৰীয়ে বিষয়টো দীৰ্ঘদিনে গুৰুত্ব প্ৰদান নকৰাকৈ থকাৰ পাছত শেহতীয়াকৈ যোৱা দুটা দিন বৰষুণৰ ফলত গাঁওখনত বিভিন্ন স্থানত গেছ নিৰ্গত হৈ থকা বিষয়টো পোহৰলৈ আহে ৷ আতংকিত ৰাইজে AGCL-ৰ মৰাণস্থ কাৰ্যালয়ত পুণৰ খৱৰ দিয়াৰ পাছত আজি এজন বিষয়াই পৰিদৰ্শন কৰিবলৈ গাঁওখনত উপস্থিত হয়৷

ৰাইজে বিষয়াজনক অৱহেলাৰ বাবে জবাবদিহি কৰাত বিষয়াজনে ৰাইজক ওলোটাই দু:ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে স্থানীয় গ্ৰাহকসকলে ৷ আনহাতে বৰ্তমানেও গেছ নিৰ্গত হৈ থকাত যিকোনো ভয়াবহ পৰিস্থিতিৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ এইক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহন কৰিবলৈ AGCL কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক : Cattle Smuggling : ৰূপহীহাটৰ আমবাগানত উত্তপ্ত পৰিস্থিতি;গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৰাইজৰ মাজত